মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সংখ্যালঘূৰ কল্যাণ আৰু উন্নয়ন চৰ এলেকা উন্নয়ন সঞ্চালকালয়

আমি যি কৰো

  • ইতিবাচক কাৰ্যকলাপ আৰু সৰ্বব্যাপী উন্নয়নৰ মাধ্যমেৰে অসমৰ চৰ/চাপৰি অ়ঞ্চলত বসবাস কৰা লোক সকলৰ অৰ্থ- সামাজিক অৱস্থাৰ উন্নতি সাধন কৰা যাতে প্ৰত্যেক নাগৰিকে এখন অনুনাদশীল ৰাষ্ট্ৰ গঠনত সক্ৰিয়ভাৱে অংশগ্ৰহণৰ সুবিধা লাভ কৰে আৰু শিক্ষা, সংস্থাপন, অৰ্থনৈতিক কাৰ্য্যকলাপত সংখ্যালঘূ সম্প্ৰদায়সকলক সমান সুবিধা প্ৰদান কৰা আৰু তেওঁলোকৰ উত্তৰণ সুনিশ্চিত কৰা- এই উদ্দেশ্যসমূহ আগত ৰাখিয়েই এই সঞ্চালকালয়খনৰ গঠন হৈছে। এই নাগৰিক চনদখনক উপভোক্তা/ হিতাধীকাৰীসকলক এক মসৃণ আৰু কাৰ্যকৰীভাৱে উপস্থাপনৰ কাৰণে এই সেৱাসমূহক ধ্যানত ৰাখি প্ৰস্তুত কৰা হৈছে।

    লক্ষ্য:

    অসমৰ বহু-সাংস্কৃতিক, বহু-ভাষী আৰু বহু-ধৰ্মীয় চৰিত্ৰক শক্তিশালী কৰাৰ কাৰণে চৰ/চাপৰি লোকসকলক সবল কৰা আৰু এক সক্ৰিয় পৰিবেশ গঢ়ি তোলা।

    অভিযান

    চৰ/চাপৰি এলেকাত বসবাস কৰা পিছপৰা, নিপীড়িত সংখ্যালঘূ ধৰ্মীয় সম্প্ৰদায় আৰু অন্যান্য জাতি আৰু ধৰ্মীয় সম্প্ৰদায়ৰ লোকসকলৰ কল্যাণৰ কাৰণে আঁচনি প্ৰণয়ন আৰু কাৰ্যকৰী কৰা, লগতে মহিলা আৰু দৰিদ্ৰ শ্ৰেণীৰ ওপৰত গুৰুত্ব আৰোপ কৰি এইসকল লোকক মূলধাৰাৰ লোকসকলৰ সমকক্ষ হবলৈ সক্ষম কৰি তোলা। ৰাজ্যখনৰ চৰ/চাপৰিৰ লোকসকলৰ উপকাৰৰ কাৰণে তেওঁলোকৰ জীৱন ধাৰণৰ মান, আত্ম-সংস্থাপন, শিক্ষাৰ সুবিধা, খোৱা পানীৰ সুবিধা, কুটীৰ শিল্প আৰু অন্যান্য উদ্যোগৰ প্ৰচাৰৰ জৰিয়তে উন্নয়নমূলক আঁচনিৰ প্ৰণয়ন কৰা।