মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সংখ্যালঘূৰ কল্যাণ আৰু উন্নয়ন চৰ এলেকা উন্নয়ন সঞ্চালকালয়

বহুতৰপীয়া উন্নয়ন কাৰ্যসূচী¬

  • ১৯৭১ চনৰ লোকপিয়লৰ তথ্যৰ আধাৰত মুঠ জনসংখ্যাৰ ২০ অথবা তাতোধিক শতাংশ সংখ্যালঘূ জনসংখ্য থকা দেশৰ ৪১ খন জিলাৰ এক তালিকা যুগুতাই ১৯৮৭ চনৰ পৰা এইসমূহ জিলাত এলানি চৰকাৰী আঁচনি ৰূপায়নৰ পদক্ষেপ গ্ৰহণ কৰা হৈছিল। ছাচাৰ কমিটিৰ পৰামৰ্শৱলীৰ আধাৰত ৰূপায়ন কৰিব খোজা এইসমূহ কাৰ্যক্ৰমেই পৰৱৰ্তী সময়ত বহুতৰপীয়া বিকাশ কাৰ্যক্ৰমৰ ৰূপত বিশেষ প্ৰকাৰৰ বিকাশ কাৰ্যক্ৰম হিচাপে ৰূপায়িত হয়। কেন্দ্ৰীয় চৰকাৰৰ পৃষ্ঠপোষকতাৰে ৰূপায়ন কৰা এই আঁচনি একাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ আৰম্ভণি বৰ্ষ ২০০৮-০৯ ৰ পৰাই দেশৰ ৯০ খন সংখ্যালঘূ অধ্যুষিত জিলাত ৰূপায়নৰ ব্যৱস্থা কৰা হৈছিল। এইখন আঁচনিৰ জৰিয়তে তুলনামূলকভাৱে পিচপৰা দেশৰ সংখ্যালঘূ অধ্যুষিত এলেকা সমূহৰ অৰ্থ-সামাজিক অৱস্থা উন্নত কৰাৰ লক্ষ্যৰে অঞ্চলসমূহত বুনিয়াদী সা-সুবিধাসমূহ উপলব্ধ কৰোৱাৰ লগতে বাট-পথৰ দৰে অত্যাৱশ্যকীয় আন্তঃগাঁথনি নিৰ্মাণত গুৰুত্ব আৰোপ কৰা হৈছে।

    উদ্দেশ্যঃ

    দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ কালচোৱাৰ ভিতৰত দেশৰ সংখ্যালঘূ অধ্যুষিত এলেকাসমূহত বুনিয়াদী আন্তঃগাঁথনি নিৰ্মাণৰ লগতে অন্যান্য় সা-সুবিধাসমূহ উপলব্ধ কৰোৱা অঞ্চলবাসীৰ অৰ্থ-সামাজিক অৱস্থাৰ উন্নয়ন সাধন কৰি সামাজিক বৈষম্য আঁতৰ কৰোৱাটোৱেই হৈছে এই কাৰ্যক্ৰমৰ প্ৰধান উদ্দেশ্য। উন্নত আন্তঃগাঁথনি নিৰ্মাণেৰে শিক্ষাৰ মান উন্নত কৰা, দক্ষতা বিকাশ কৰা, স্বাস্থ্য সেৱা, অনাময় ব্যৱস্থা, পকী ঘৰ নিৰ্মাণ, বাট-পথ নিৰ্মাণ, খোৱা-পানী প্ৰকল্প স্থাপনৰ লগতে নিয়োগ সম্ভাৱনা সৃষ্টি কৰিব পৰা বিভিন্ন আঁচনিৰ ৰূপায়ন সামৰি লোৱা হৈছে ‘এম এছ ডি পি’ ৰ মাজত। সেইদৰে অন্যান্যচৰকাৰী আঁচনিৰ মাজত ৰৈ যোৱা ব্যৱধান আঁতৰাব পৰাকৈ বিশেষ ধৰণৰ উদ্ভাৱনী আঁচনি ৰূপায়নৰ বাবে অতিৰিক্ত পুঁজিৰ যোগান ধৰাৰো ব্যৱস্থা ৰখা হৈছে এই ‘এম এছ ডি পি’ কাৰ্যক্ৰমত। অঞ্চলবাসীৰ সৰ্বাংগীন উন্নতি সাধন কৰিব পৰা এই অভিলাসী উদ্যোগৰ ক্ষেত্ৰত কেন্দ্ৰ/ ৰাজ্য কিম্বা কেন্দ্ৰীয় শাসিত অঞ্চলক চৰকাৰসমূহে যৌথভাৱে সহযোগিতা আগবঢ়াই সাফল্য আহৰণৰ প্ৰয়াস কৰে। সংখ্যালঘূ অধ্যুষিত অনুন্নত অঞ্চলসমূহৰ অৱস্থা উন্নত কৰি সামাজিক বৈষম্যৰ হাৰ প্ৰশমিত কৰাৰ লক্ষ্যৰেই এইখন আঁচনি ৰূপায়নত মোননিৱেশ কৰা হৈছে। ভাৰত চৰকাৰৰ বিধি নিৰ্দ্দেশনাৰ আধাৰতে ব্যৱধান আঁতৰাবলৈ ৰূপায়ন কৰা বিশেষ উদ্ভাৱন/আঁচনিসমূহৰ কাম-কাজো সম্পাদিত কৰা হয়। ইফালে সংখ্যালঘূ জনগণৰ কল্যাণৰ বাবে ৰূপায়িত অন্যান্য প্ৰকল্পসমূহৰ আৰ্হিৰ ভিত্তিতে ৰূপায়িত হয়।

    যোগ্যতাৰ আধাৰঃ

    উল্লেখিত আঁচনিসমূহৰ সুযোগ-সুবিধা লাভ কৰিবলৈ হলে ১৯৯২ চনৰ ৰাষ্ট্ৰীয় সংখ্যালঘূ আয়োগ আইনৰ ২ নং অনুচ্ছেদৰ (গ) দফাত উল্লেখিত মুছলমান, খ্ৰীষ্টিয়ান, শিখ, বৌদ্ধ আৰু পাৰ্চী সম্প্ৰদায়ৰ লোক হব লাগিব। ২০০১ চনৰ লোকপিয়লৰ তথ্য অনুসৰি দেশৰ সংখ্যালঘূ সম্প্ৰদায়ৰ জনসংখ্যাৰ হৰ দেশ মুঠ জনসংখ্যাৰ ১৮.৮%। ইয়াৰে ১৩.৪% মুছলমান, ২.৩% খ্ৰীষ্টিয়ান, ১.৯% শিখ, ০.৮% বৌদ্ধ আৰু ০.০০৭% পাৰ্চী সম্প্ৰদায়ৰ।

    কাৰ্যক্ৰম ৰূপায়নৰ বাবে নিৰ্দ্ধাৰিত এলেকাঃ

    পৰিকল্পনাৰ গোট হিচাপে উন্নয়ন খণ্ডঃ

    ‘এম এছ ডি পি’ ৰূপায়নৰ বাবো পৰিকল্পনা ক্ষেত্ৰ হিচাপে বৰ্তমান সময়ত জিলাৰ পৰিৱৰ্তে উন্নয়ন খণ্ডসমূহক গ্ৰহণ কৰা হৈছে। জিলাৰ পৰিসৰ বিস্তৃত হোৱাৰ বিপৰীতে উন্নয়ন খণ্ডসমূহৰ আকাৰ কম পৰিসৰৰ হয় আৰু ইয়াৰ ফলত সংখ্যালঘূ অধ্যুষিত এলেকাসমূহক বিশেষ গুৰুত্বৰ থলী হিচাপে গণ্য কৰি কল্যাণ আঁচনিসমূহ ৰূপায়নত বিশেষ সুফল লাভ কৰিব পৰা গৈছে। তদুপৰি এনে পদক্ষেপে সংখ্যালঘূ অধ্যুষিত জিলাৰ আওতাৰ বাহিৰত ৰৈ যোৱা অন্যান্য জিলাৰ সংখ্যালঘূ লোকৰ ঘন বসতি থকা এলেকাসমূহলৈও এই আঁচনিৰ সা-সুবিধাসমূহ সম্প্ৰসাৰিত কৰাৰ সুযোগ উলিয়াইছে। একাদশ পঞ্চবাৰ্ষিক পৰিকল্পনা সংজ্ঞাৰ আধাৰত নিৰ্বাচিত অনুন্নত জিলাৰ সংখ্যাগুৰু লোকৰ ২৫% সংখ্যালঘূ লোক থকা উন্নয়ন খণ্ডসমূহক সংখ্যালঘূ অধ্যুষিত খণ্ড(এম চি বি) বুলি চিহ্নিত কৰা হৈছে। সংখ্যালঘূ লোকৰ সংখ্যাধিক্য থকা দেশৰ ৬ খন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চল-লক্ষাদ্বীপ, পঞ্জাৱ, নাগালেণ্ড, মেঘালয়, মিজোৰাম আৰু জম্মু-কাশ্মীৰত এই হাৰ ১৫% বুলি ধাৰ্য কৰা হৈছে। অন্নুনত এলেকাৰ পৰিমাপক হিচাপেও একাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ পৰিমাপসমূহক ভিত্তি হিচাপে গণ্য কৰা হৈছে।

    (ক) জিলা পৰ্যায়ত ধৰ্ম কেন্দ্ৰীক অৰ্থ-সামাজিক সূচকসমূহ

    -

    ১) নিৰক্ষৰতাৰ হাৰ ;

    ২) মহিলাৰ সাক্ষৰতাৰ হাৰ;

    ৩) কাম অংশগ্ৰহণৰ হাৰ; আৰু

    ৪) কামত মহিলাৰ অংশগ্ৰহণৰ হাৰ; আৰু

    (খ) জিলা পৰ্যায়ত বুনিয়াদী সা-সুবিধামূলক সূচকসমূহ

    ১) পকী বেৰ থকা ঘৰ-দুৱাৰৰ শতাংশ হাৰ;

    ২) বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা থকা পৰিয়ালৰ শতাংশ হাৰ;

    ৩) বিদ্যুতৰ সংযোগ থকা পৰিয়ালৰ শতাংশ হাৰ;

    নিৰ্বাচিত উন্নয়ন খণ্ড এলেকাৰ সংখ্যালঘূ লোকৰ ঘন বসতি থকা গাওঁসমূহত বাট-পথকে ধৰি অন্যান্য বুনিয়াদী আন্তঃগাঁথনি নিৰ্মাণত অগ্ৰাধিকাৰ দিয়া হৈছে। এনে ধৰণৰ সম্পদ নিৰ্মাণৰ ক্ষেত্ৰত এলেকাসমূহত সংখ্যালঘূসকলৰ হাৰ নূন্যতম ২৫% হোৱাৰ কথাটো বিশেষ গুৰুত্ব প্ৰদান কৰা হয়। ২০০১ চনৰ লোকপিয়লৰ তথ্যৰ আধাৰত দেশৰ ১৫৫ খন অনুন্নত জিলাৰ সংখ্যালঘূ অধ্যুষিত মুঠ ৭১০ টা উন্নয়ন খণ্ড চিহ্নাক্ত কৰি উলিওৱা হৈছে।