মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সংখ্যালঘূৰ কল্যাণ আৰু উন্নয়ন চৰ এলেকা উন্নয়ন সঞ্চালকালয়

কেন্দ্ৰীয় আঁচনি

পোষ্ট মেট্ৰিক বৃত্তি

দেশৰ সংখ্যালঘূসকলৰ দ্ৰুত উন্নয়ন সম্পাদিত কৰাৰ লক্ষ্যৰে ২০০৬ চনত চৰকাৰে প্ৰধানমন্ত্ৰীৰ ১৫ দফীয়া কল্যাণ কাৰ্যক্ৰম শীৰ্ষকেৰে এলানি কৰ্মসূচী ৰূপায়নৰ কথা ঘোষণা কৰিছিল। এই কাৰ্যক্ৰমৰ অংশ হিচাপেই সংখ্যালঘূ সম্প্ৰদায়ৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক উচ্চ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা উত্তীৰ্ণ হোৱাৰ পিছত পাঠ্যক্ৰম গ্ৰহণ কৰাৰ ক্ষেত্ৰত অৰ্থনৈতিক ভাৱে সকাহ দিয়াৰ মানসেৰে পোষ্ট মেট্ৰিক বৃত্তি শীৰ্ষক জলপানি আঁচনিখন ৰূপায়নৰ ব্যৱস্থা কৰা হয়। সমাজৰ তুলনামূলকভাৱে পিচপৰা সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰীসকলক উচ্চ শিক্ষাৰ বাবে সহযোগিতা আগবঢ়াই তেওঁলোকৰ মাজত উচ্চ শিক্ষাৰ হাৰ বৃদ্ধি কৰাৰ লগতে এইসকল ছাত্ৰ-ছাত্ৰীৰ নিয়োগ সম্ভাৱনীয়তা বৃদ্ধি কৰাটোৱেই প্ৰধানতঃ আঁচনিখনৰ উদ্দেশ্য আছিল।

দেশৰ চৰকাৰী অথবা ব্যক্তিগত খণ্ডৰ যিকোনো উচ্চতৰ মাধ্যমিক বিদ্যালয়/মহাবিদ্যালয়/বিশ্ববিদ্যালয়ৰ উপৰি ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰে স্বচ্ছভাৱে অধিসূচীত কৰা চৰকাৰী অথবা বে-চৰকাৰী খণ্ডৰ আবাসিক শিক্ষানুষ্ঠানত শিক্ষা গ্ৰহণৰ বাবে এই জলপানি আগবঢ়োৱা হয়। এই আঁচনিখনে দেশৰ কাৰিকৰী তথা বৃত্তিমূলক পাঠ্যক্ৰমৰ প্ৰশিক্ষণ প্ৰদান কৰা ৰাষ্ট্ৰীয় বৃত্তিমূলক প্ৰশিক্ষণ পৰিষদৰ স্বীকৃতিপ্ৰাপ্ত প্ৰশিক্ষণ প্ৰতিষ্ঠান কিম্বা উদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰ একাদশ আৰু দ্বাদশ শ্ৰেণী পৰ্যায়ৰ পাঠ্যক্ৰমকো সামৰি লয়।

যিকল ছাত্ৰ-ছাত্ৰীয়ে সদ্য বিগত চূড়ান্ত পৰীক্ষাত ৫০ শতাংশ বা তাতোধিক নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছে আৰু তেওঁলোকৰ অভিভাৱকৰ সকলো উৎসৰ পৰা আহিব লগা মুঠ বাৰ্ষিক আয়ৰ পৰিণাণ ২.০০ লাখ টকাতকৈ অধিক নহয় সেইসকল ছাত্ৰ-ছাত্ৰীয়েহে এই জলপানি লাভৰ বাবে যোগ্যতা অৰ্জন কৰিব।

১৯৯২ চনৰ ৰাষ্ট্ৰীয় সংখ্যালঘূ আয়োগ আইনৰ ২ নং অমুচ্ছেদৰ (গ) দফাত উল্লেখ কৰা অনুসৰি দেশৰ মুছলমান, খ্ৰীষ্টিয়ান, শিখ, বৌদ্ধ, জৈন আৰু পাৰ্চীসকলক সংখ্যালঘূ সম্প্ৰদায় হিচাপে চিহ্নিত কৰা হৈছে। ২০০১ চনৰ লোকপিয়লৰ তথ্যৰ আধাৰত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰে সংশ্লিষ্ট সম্প্ৰদায়সমূহৰ মাজত জলপানি বিতৰণ কৰে।

আবেদনৰ প্ৰক্ৰিয়াঃ

ৰাষ্ট্ৰীয় জলপানি পৰ্টেল(এন এছ পি) ৰ জৰিয়তে এই আঁচনিখন ৰূপায়নৰ ব্যৱস্থা কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলে www.scholarships.gov.in ৱেবছাইট যোগে এই জলপানিৰ বাবে অনলাইন আবেদন কৰাটো বাধ্যতামূলক।

মেধা আৰু অৰ্থভাৱ ভিত্তিক জলপানি:

এই আঁচনিৰ জৰিয়তে সংখ্যালঘূ সম্প্ৰদায়ৰ দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক বৃত্তিমূলক আৰু কাৰিকৰী শিক্ষা গ্ৰহণ কৰিব পৰাকৈ আৰ্থিক সহযোগিতা আগবঢ়োৱাৰ ব্যৱস্থা কৰা হৈছে। এই জলপানি দেশৰ ভিতৰত অধ্যয়নৰ বাবে আগবঢ়োৱা হয় আৰু ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰে কিম্বা এনে চৰকাৰে দায়িত্ব অৰ্পণ কৰা স্বীকৃতিপ্ৰাপ্ত সংস্থাৰ জৰিয়তে এি জলপানি বিতৰণৰ দিহা কৰা হয়। প্ৰতিযোগিতামূলক পৰীক্ষাৰ জৰিয়তে যোগ্যতা অৰ্জন কৰি কৰিকৰী অথবা বৃত্তিমূলক পাঠ্যক্ৰমত যওগদান কৰা শিক্ষাৰ্থীসকলেও এই জলপানি লাভৰ যওগ্যতা অৰ্জন কৰিব। অৱশ্যে এনে পৰীক্ষাত অৱতীৰ্ণ নোহোৱাকৈও কৰিকৰী অথবা বৃত্তিমূলক পাঠ্যক্ৰমত নামভৰ্তি কৰোৱা শিক্ষাৰ্থীসকলেও এই জলপানি লাভ কৰিব। অৱশ্যে এইসকল ছাত্ৰ-ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিক অথবা স্নাতক পাঠ্যক্ৰমৰ চূড়ান্ত পৰীক্ষাত ৫০ শতাংশ বা তাতোধিক নম্বৰ লৈ উত্তীৰ্ণ হোৱাৰ দক্ষতা প্ৰদৰ্শন কৰিব লাগিব। এইসকল ছাত্ৰ-ছাত্ৰীক একান্ত মেধাৰ ভিত্তিতে জলপানিৰ বাবে নিৰ্বাচিত কৰা হয়। এনে ছাত্ৰ-ছাত্ৰীৰ পিতৃ-মাতৃ অথবা অভিভাৱকৰ বাৰ্ষিক আয়ৰ পৰিমাণ ২.৫০ লাখ টকাতকৈ অধিক হব নোৱাৰিব। এই জলপানি আঁচনিও ৰাষ্ট্ৰীয় জলপানি পৰ্টেলৰ জৰিয়তে ৰূপায়ন কৰা হয়। কেন্দ্ৰীয় চৰকাৰৰ www.scholarships.gov.in ৱেবছাইটৰ যোগে জলপানিৰ বাবে আবেদন কৰাটো বাধ্যতামূলক।

বহুতৰপীয়া বিকাশ কাৰ্যক্ৰম(এম এছ ডি পি) MSDP

১৯৭১ চনৰ লোকপিয়লৰ তথ্যৰ আধাৰত মুঠ জনসংখ্যাৰ ২০ অথবা তাতোধিক শতাংশ সংখ্যালঘূ জনসংখ্য থকা দেশৰ ৪১ খন জিলাৰ এক তালিকা যুগুতাই ১৯৮৭ চনৰ পৰা এইসমূহ জিলাত এলানি চৰকাৰী আঁচনি ৰূপায়নৰ পদক্ষেপ গ্ৰহণ কৰা হৈছিল। ছাচাৰ কমিটিৰ পৰামৰ্শৱলীৰ আধাৰত ৰূপায়ন কৰিব খোজা এইসমূহ কাৰ্যক্ৰমেই পৰৱৰ্তী সময়ত বহুতৰপীয়া বিকাশ কাৰ্যক্ৰমৰ ৰূপত বিশেষ প্ৰকাৰৰ বিকাশ কাৰ্যক্ৰম হিচাপে ৰূপায়িত হয়। কেন্দ্ৰীয় চৰকাৰৰ পৃষ্ঠপোষকতাৰে ৰূপায়ন কৰা এই আঁচনি একাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ আৰম্ভণি বৰ্ষ ২০০৮-০৯ ৰ পৰাই দেশৰ ৯০ খন সংখ্যালঘূ অধ্যুষিত জিলাত ৰূপায়নৰ ব্যৱস্থা কৰা হৈছিল। এইখন আঁচনিৰ জৰিয়তে তুলনামূলকভাৱে পিচপৰা দেশৰ সংখ্যালঘূ অধ্যুষিত এলেকা সমূহৰ অৰ্থ-সামাজিক অৱস্থা উন্নত কৰাৰ লক্ষ্যৰে অঞ্চলসমূহত বুনিয়াদী সা-সুবিধাসমূহ উপলব্ধ কৰোৱাৰ লগতে বাট-পথৰ দৰে অত্যাৱশ্যকীয় আন্তঃগাঁথনি নিৰ্মাণত গুৰুত্ব আৰোপ কৰা হৈছে।