মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সংখ্যালঘূৰ কল্যাণ আৰু উন্নয়ন চৰ এলেকা উন্নয়ন সঞ্চালকালয়

পোষ্ট মেট্ৰিক জলপানিৰ বাবে আবেদন

দেশৰ সংখ্যালঘূসকলৰ দ্ৰুত উন্নয়ন সম্পাদিত কৰাৰ লক্ষ্যৰে ২০০৬ চনত চৰকাৰে প্ৰধানমন্ত্ৰীৰ ১৫ দফীয়া কল্যাণ কাৰ্যক্ৰম শীৰ্ষকেৰে এলানি কৰ্মসূচী ৰূপায়নৰ কথা ঘোষণা কৰিছিল। এই কাৰ্যক্ৰমৰ অংশ হিচাপেই সংখ্যালঘূ সম্প্ৰদায়ৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক উচ্চ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা উত্তীৰ্ণ হোৱাৰ পিছত পাঠ্যক্ৰম গ্ৰহণ কৰাৰ ক্ষেত্ৰত অৰ্থনৈতিক ভাৱে সকাহ দিয়াৰ মানসেৰে পোষ্ট মেট্ৰিক বৃত্তি শীৰ্ষক জলপানি আঁচনিখন ৰূপায়নৰ ব্যৱস্থা কৰা হয়।

চেকলিষ্টঃ

  • উদ্দেশ্য
  • অৰ্হতা
  • আবেদন প্ৰক্ৰিয়া

উদ্দেশ্য

সমাজৰ তুলনামূলকভাৱে পিচপৰা সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰীসকলক উচ্চ শিক্ষাৰ বাবে সহযোগিতা আগবঢ়াই তেওঁলোকৰ মাজত উচ্চ শিক্ষাৰ হাৰ বৃদ্ধি কৰাৰ লগতে এইসকল ছাত্ৰ-ছাত্ৰীৰ নিয়োগ সম্ভাৱনীয়তা বৃদ্ধি কৰাটোৱেই প্ৰধানতঃ আঁচনিখনৰ উদ্দেশ্য আছিল।

অৰ্হতা

দেশৰ চৰকাৰী অথবা ব্যক্তিগত খণ্ডৰ যিকোনো উচ্চতৰ মাধ্যমিক বিদ্যালয়/মহাবিদ্যালয়/বিশ্ববিদ্যালয়ৰ উপৰি ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰে স্বচ্ছভাৱে অধিসূচীত কৰা চৰকাৰী অথবা বে-চৰকাৰী খণ্ডৰ আবাসিক শিক্ষানুষ্ঠানত শিক্ষা গ্ৰহণৰ বাবে এই জলপানি আগবঢ়োৱা হয়। এই আঁচনিখনে দেশৰ কাৰিকৰী তথা বৃত্তিমূলক পাঠ্যক্ৰমৰ প্ৰশিক্ষণ প্ৰদান কৰা ৰাষ্ট্ৰীয় বৃত্তিমূলক প্ৰশিক্ষণ পৰিষদৰ স্বীকৃতিপ্ৰাপ্ত প্ৰশিক্ষণ প্ৰতিষ্ঠান কিম্বা উদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰ একাদশ আৰু দ্বাদশ শ্ৰেণী পৰ্যায়ৰ পাঠ্যক্ৰমকো সামৰি লয়।

যিকল ছাত্ৰ-ছাত্ৰীয়ে সদ্য বিগত চূড়ান্ত পৰীক্ষাত ৫০ শতাংশ বা তাতোধিক নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছে আৰু তেওঁলোকৰ অভিভাৱকৰ সকলো উৎসৰ পৰা আহিব লগা মুঠ বাৰ্ষিক আয়ৰ পৰিণাণ ২.০০ লাখ টকাতকৈ অধিক নহয় সেইসকল ছাত্ৰ-ছাত্ৰীয়েহে এই জলপানি লাভৰ বাবে যোগ্যতা অৰ্জন কৰিব।

১৯৯২ চনৰ ৰাষ্ট্ৰীয় সংখ্যালঘূ আয়োগ আইনৰ ২ নং অমুচ্ছেদৰ (গ) দফাত উল্লেখ কৰা অনুসৰি দেশৰ মুছলমান, খ্ৰীষ্টিয়ান, শিখ, বৌদ্ধ, জৈন আৰু পাৰ্চীসকলক সংখ্যালঘূ সম্প্ৰদায় হিচাপে চিহ্নিত কৰা হৈছে। ২০০১ চনৰ লোকপিয়লৰ তথ্যৰ আধাৰত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰে সংশ্লিষ্ট সম্প্ৰদায়সমূহৰ মাজত জলপানি বিতৰণ কৰে।

আবেদনৰ প্ৰক্ৰিয়াঃ

ৰাষ্ট্ৰীয় জলপানি পৰ্টেল(এন এছ পি) ৰ জৰিয়তে এই আঁচনিখন ৰূপায়নৰ ব্যৱস্থা কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলে www.scholarships.gov.in ৱেবছাইট যোগে এই জলপানিৰ বাবে অনলাইন আবেদন কৰাটো বাধ্যতামূলক।