মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সংখ্যালঘূৰ কল্যাণ আৰু উন্নয়ন চৰ এলেকা উন্নয়ন সঞ্চালকালয়

মেধা আৰু অৰ্থভাৱ ভিত্তিক জলপানিৰ বাবে আবেদন

চেকলিষ্টঃ

  • উদ্দেশ্য
  • অৰ্হতা
  • আবেদন প্ৰক্ৰিয়া

উদ্দেশ্য

এই আঁচনিৰ জৰিয়তে সংখ্যালঘূ সম্প্ৰদায়ৰ দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক বৃত্তিমূলক আৰু কাৰিকৰী শিক্ষা গ্ৰহণ কৰিব পৰাকৈ আৰ্থিক সহযোগিতা আগবঢ়োৱাই হৈছে এই আঁচনিখনৰ উদ্দেশ্য।

অৰ্হতা

এই জলপানি দেশৰ ভিতৰত অধ্যয়নৰ বাবে আগবঢ়োৱা হয় আৰু ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰে কিম্বা এনে চৰকাৰে দায়িত্ব অৰ্পণ কৰা স্বীকৃতিপ্ৰাপ্ত সংস্থাৰ জৰিয়তে এি জলপানি বিতৰণৰ দিহা কৰা হয়। প্ৰতিযোগিতামূলক পৰীক্ষাৰ জৰিয়তে যোগ্যতা অৰ্জন কৰি কৰিকৰী অথবা বৃত্তিমূলক পাঠ্যক্ৰমত যোগদান কৰা শিক্ষাৰ্থীসকলেও এই জলপানি লাভৰ যওগ্যতা অৰ্জন কৰিব। অৱশ্যে এনে পৰীক্ষাত অৱতীৰ্ণ নোহোৱাকৈও কৰিকৰী অথবা বৃত্তিমূলক পাঠ্যক্ৰমত নামভৰ্তি কৰোৱা শিক্ষাৰ্থীসকলেও এই জলপানি লাভ কৰিব। অৱশ্যে এইসকল ছাত্ৰ-ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিক অথবা স্নাতক পাঠ্যক্ৰমৰ চূড়ান্ত পৰীক্ষাত ৫০ শতাংশ বা তাতোধিক নম্বৰ লৈ উত্তীৰ্ণ হোৱাৰ দক্ষতা প্ৰদৰ্শন কৰিব লাগিব। এইসকল ছাত্ৰ-ছাত্ৰীক একান্ত মেধাৰ ভিত্তিতে জলপানিৰ বাবে নিৰ্বাচিত কৰা হয়। এনে ছাত্ৰ-ছাত্ৰীৰ পিতৃ-মাতৃ অথবা অভিভাৱকৰ বাৰ্ষিক আয়ৰ পৰিমাণ ২.৫০ লাখ টকাতকৈ অধিক হব নোৱাৰিব।

আবেদন প্ৰক্ৰিয়া

এই জলপানি আঁচনিও ৰাষ্ট্ৰীয় জলপানি পৰ্টেলৰ জৰিয়তে ৰূপায়ন কৰা হয়। কেন্দ্ৰীয় চৰকাৰৰ www.scholarships.gov.in ৱেবছাইটৰ যোগে জলপানিৰ বাবে আবেদন কৰাটো বাধ্যতামূলক।