মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সংখ্যালঘূৰ কল্যাণ আৰু উন্নয়ন চৰ এলেকা উন্নয়ন সঞ্চালকালয়

ই-ৰিক্সাৰ বিতৰণ

২০০৮ চন মানৰ পৰা পৃথিৱী জুৰি ই-ৰিক্সা বা ইলেক্ট্ৰিক ৰিক্সাৰ জনপ্ৰিয়তা বৃদ্ধি পৰিলক্ষিত হৈছে। অৱশ্যে ভাৰতত ২০১১ চনৰ পৰাহে ই-ৰিক্সাৰ আদৰ বাঢ়িবলৈ লৈছে বুলি কব পাৰি। কেন্দ্ৰীয় চৰকাৰে ১৯৮৯ চনৰ যানবাহন বিধিৰ সংশোধন কৰি ই-ৰিক্সা নিয়ন্ত্ৰণ বিধিখন আনুষঠানিকভাৱে ঘোষমা কৰে ২০১৪ চনৰ ৮ অক্টোবৰৰ পৰা। ২০১৫ চনৰ মাৰ্চ মাহত সংসদে এই বিধি গৃহীত কৰি দেশত ই-ৰিক্সা চলাচলৰ নায্যতা প্ৰদান কৰে। বেটেৰী চালিত এই বিধ বাহন পেট্ৰল বা ডিজেল চালিত বাহনৰ উত্তম বিকল্প হব পাৰে। তদুপৰি কম খৰচতে চলাব পৰা এনে বাহন দুখীয়া লোকৰ যাতায়তৰ বাবেও উপযুক্ত বুলিয়েই চিহ্নাক্ত হৈছে। এনে বাহনৰ প্ৰদূষণ সৃষ্টিৰ সম্ভাৱনীয়তাও সামান্য। নূন্যতম পৰিচালনা ব্যয়, সহজে চলাব পৰা, পৰিবেশ অনুকূলতা এই বাহনৰ বিশেষ বৈশিষ্ট্য।

এনেবোৰ বৈশিষ্ট্য লক্ষ্য কৰিয়োই অসম চৰকাৰে নিবনুৱা যুৱক-যুৱতীৰ স্ব-নিয়োজনৰ সমল হব পৰাকৈ চৰ এলেকা উন্নয়ন সঞ্চালকালয়ৰ জৰিয়তে ই-ৰিক্সা বিতৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে।