মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সংখ্যালঘূৰ কল্যাণ আৰু উন্নয়ন Directorate of Minority Affairs and Char Areas, Assam

তাৰা হেণ্ড পাম্প বিতৰণ

গ্ৰামাঞ্চল আৰু উপনগৰীয়া পাৰিপাৰ্শ্বিকতাত খোৱাপানী যোগানৰ অতিকে কম খৰচী আৰু সহজ সমাধান হল হাত কল। এনে কলে খোলা পুখুৰী কিম্বা কুৱাত পৰি দুৰ্ঘটনাগ্ৰস্থ হোৱাৰ আশংকাও নাইকিয়া কৰে। কুৱাৰ পানীত হব পৰা সংক্ৰমণৰ আশংকা কলৰ পানীৰ ক্ষেত্ৰত নাই বুলিবই পাৰি। এনেবোৰ কথালৈ মন কৰিয়েই চৰ এলেকাৰ ৰাইজক নিৰাপদ খোৱাপানী নিশ্চিতি প্ৰদান কৰাৰ উদ্দেশ্যে অসম চৰকাৰে চৰ এলেকা উন্নয়ন সঞ্চালকালয়ৰ জৰিয়তে তাৰা হেণ্ড পাম্প বিতৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে।