মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সংখ্যালঘূৰ কল্যাণ আৰু উন্নয়ন Directorate of Minority Affairs and Char Areas, Assam

সৌৰ চাকি বিতৰণ

সূৰ্যৰ পোহৰ সৌৰ কোষৰ সহায়ত প্ৰত্যক্ষভাবে বিদ্যুৎ শক্তিলৈ ৰূপানতিত কৰি সেই শক্তিৰে ঘৰ পোহৰাব পাৰি। বেটেৰীত সংৰক্ষিত সৌৰ শক্তি যেতিয়াই প্ৰয়োজন হয় তেতিয়াই ব্যৱহাৰ কৰিব পাৰি। এনে ব্যৱস্থা বিদ্যুত শক্তিৰ সংযোগ নথকা গ্ৰামাঞ্চলৰ বাবে খুবেই উপযোগী। তদুপৰি গুৰুত্বপূৰ্ণ গাহ্যস্থ, বাণিজ্যিক আৰু ঔদ্যোগিক ব্যৱহাৰৰ বাবেও এই ব্যৱস্থা বিশ্বাসযোগ্য বুলি চিহ্নিত হৈছে।

ঘৰুৱা কাম-কাজৰ বাবে উপযোগী হোৱাকৈ প্ৰস্তুত কৰা সৌৰ গৃহ উজলিকৰণ পদ্ধতি হৈছে এক স্থায়ী সংশ্থাপন ব্যৱস্থা। ছলাৰ পিভি মডিউল(সৌৰ কোষ), চাৰ্জ কণ্ট্ৰলাৰ, বেটেৰী আৰু লাইটিং ব্যৱস্থা(চাকি আৰু ফেন)ৰে এই পদ্ধতি সম্পূৰ্ণ হয়। সৌৰ পাট বা ছলাৰ মডিউলবোৰ সহজে সূৰ্যৰ পোহৰ পৰা ঠাই যেনে ঘৰৰ চাল, টেৰেছ আদিত সংস্থাপিত কৰা হয়। ইয়াৰ বিপৰীতে বেটেৰী আৰু চাৰ্জ কণ্ট্ৰলাৰবোৰ ঘৰৰ ভিতৰৰ নিৰাপদ স্থানত সংস্থাপিত কৰা হয়। বিদ্যুতৰ বিকল্প হিচাপে সৌৰ শক্তিৰ সম্ভাৱনীয়তা উপলব্ধি কৰিয়ে অসম চৰকাৰে চৰ অঞ্চল উন্নয়ন সঞ্চালকালয়ৰ জৰিয়তে সৌৰ গৃহ উজলিকৰণ পদ্ধতি বিতৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।