মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সংখ্যালঘূৰ কল্যাণ আৰু উন্নয়ন চৰ এলেকা উন্নয়ন সঞ্চালকালয়

ট্ৰেক্টৰ,ট্ৰেইলৰ আৰু ৰোটা ভেটৰ বিতৰণ

পথৰুৱা বাম-কাজ সম্পন্ন কৰাৰ ক্ষেত্ৰত ট্ৰেক্টৰ এক অতিকে গুৰুত্বপূৰ্ণ যন্ত্ৰ বুলি চিহ্নিত হৈ আহিছে। কৃষি ক্ষেত্ৰত বহলভাৱে ব্যৱহৃত বহুমুখী দক্ষতা সম্পন্ন এই বিধ সাৰথি যন্ত্ৰই আক্ষৰিক অৰ্থতে কৃষি ক্ষেত্ৰত বিপ্লৱৰ সূচনা কৰিছে বুলিলেও বঢ়াই কোৱা নহয়। যুগ যুগ ধৰি খেতিয়কসকলে নাঙলৰ মুঠিত ধৰিয়েই খএতি কৰি আহিছিল। এই পন্থা সময় খৰছীয়েই নাছিল বৰং তেওঁলোকৰ উন্নত জীৱন শৈলীৰ বাবে কঠিন পন্থা হিচাপেও পৰিগণিত হৈছিল। এই পন্থাই উৎপাদন সমৰ্থক সীমাবদ্ধতাও প্ৰদান কৰিছিল। পৰৱৰ্তী সময়ত উদ্যোগ বিপ্লৱৰ হাত ধৰি উদ্ভাৱন হোৱা বিভিন্ন যন্ত্ৰ লগতে কৃষকৰ বিশেষ বন্ধুৰ ৰূপত ট্ৰেক্টৰেও কৃষি খণ্ডত নতুন যুগৰ সৃষ্টি কৰিলে। কৃষি পদ্ধতিৰ আধুনিকীকৰণৰ মূল লক্ষ্যক সাৰোগত কৰিয়েই ট্ৰেক্টৰৰ বিকাশ সাধন কৰা হৈছিল। পিচে অনতি বিলম্বেই ট্ৰেক্টৰৰ বিপুল সম্ভাৱনীয়তা হৃদয়ংগম কৰা হল। সময়ান্তৰত কৃষি কৰ্মৰ প্ৰায় সকলো পৰ্যায়তে ট্ৰেক্টৰৰ সহযোগিতা পোৱাত উপকৃত হল কৃষকসকল। ট্ৰেক্টৰৰে সহজেই শ শ হেক্টৰ মাটিত খেতি কৰাৰ সাহস গোটাব পৰা হল কৃষকসকল। পৰৱৰ্তী কালত ট্ৰেক্টৰত ট্ৰেইলৰ সংলগ্ন কৰি কৃষিৰ ফচল কঢ়িওৱা, বজাৰলৈ নিয়া আদি কাম সহজ সাধ্য কৰি তোলা হল।

ট্ৰেক্টৰ-ট্ৰেইলৰৰ এই সম্ভাৱনীয়তাকে সাৰোগত কৰি অসম চৰকাৰে চৰ এলেকা উন্নয়ন সঞ্চালকালয়ৰ জৰিয়তে চৰ অঞ্চলৰ আত্ম সহায়ক গোট/ স্বেচ্ছাসেৱী সংস্থা/ কৃষক সংঘ আদিলৈ ট্ৰেক্টৰ, ট্ৰেইলৰ আৰু ৰোটা ভেটৰ বিতৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।